27 C
Guwahati
Wednesday, October 13, 2021
More

    সাহিত্য অকাডেমী বঁটা ঘোষণা, অসমৰ জয়শ্ৰী গোস্বামী মহন্তলৈ এই সন্মান

    ‘চাণক্য’ গ্ৰন্থৰ বাবে লেখিকাগৰাকীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমীৰ এই সন্মান

    বুধবাৰে বিয়লি ঘোষণা কৰা হ’ল সাহিত্য অকাডেমী বঁটা প্ৰাপকৰ নাম। এই তালিকাত অসমৰ হৈ স্থান লাভ কৰিছে বিশিষ্ট লেখিকা জয়শ্ৰী গোস্বামী মহন্ত। ‘চাণক্য’ গ্ৰন্থৰ বাবে লেখিকাগৰাকীলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমীৰ এই সন্মান।
    উল্লেখ্য যে ২০১৮ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল জয়শ্ৰী গোস্বামীয়ে।

    মুঠ ২৩টা ভাষাৰ নিজা নিজা কবিতা সংগ্ৰহ, উপন্যাস, কাহিনী, প্ৰবন্ধ, আত্মজীৱনী আদিৰ বাবে বঁটা প্ৰাপক সকলৰ নাম ঘোষনা কৰা হয় এই তালিকাত। জয়শ্ৰী গোস্বামী মহন্তৰ লগতে এই সন্মান লাভ কৰা সকলৰ ভিতৰত অন্য সকল হৈছে ইংৰাজী ভাষাৰ বাবে শশী থাৰুৰ, হিন্দীত নন্দ কিশোৰ আচাৰ্য্য আৰু বড়ো ভাষাত ফুকন চন্দ্ৰ আদি।

    এই সন্মানত পুৰষ্কাৰ বিচাপে থাকিব তাম্ৰ ফলক, এখন অংগ বস্ত্ৰ আৰু লগত থাকিব ১লাখ টকা। এই সাহিত্য অকাডেমী সন্মান বঁটা প্ৰাপক সকলক নতুন দিল্লীত এক সাহিত্য অনুষ্ঠানত ২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত প্ৰদান কৰা হ’ব।

    উল্লেখ্য যে জয়শ্ৰী গোস্বামী মহন্ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী।

    Photo Credit:@Twitter.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং