ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’ত দেখা পোৱা গৈছে যে কেনেদৰে ৰাছিয়ান সেনাৰ কেডেটছসকলে ‘এ বতন…হমকো তেৰী কছম’ গীতটো গাই তাৰ তালে তালে নাচি উঠিছে। ২৭ ছেকেণ্ডৰ এই ভিডিঅ’টোত ভাৰতীয় সেনাৰ বিষয়াকো প্ৰত্যক্ষ কৰা হৈছে। ভিডিঅ’টোত কেডেটছসকলে ভাৰতৰ এই দেশভক্তি গীতটো গুণগুণোৱা দেখা গৈছে। এই ভিডিঅ’টো কেতিয়া বা কৰ হয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
ইয়াৰ পূৰ্বেও আমেৰিকাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। এইটোৱেই প্ৰথম ভিডিঅ’ নহয় য’ত বিদেশী সেনা জোৱানে ভাৰতৰ গীতত নাচি থকা দেখা গৈছে। ভাৰতত সেনা প্ৰশিক্ষণৰ সময়ত কেইবাখনো দেশৰ জোৱানে বলীউড আৰু দেশভক্তি গীতত নচা দেখা গৈছে।
চাওক VIDEO