28 C
Guwahati
Wednesday, October 27, 2021
More

    Breaking: মূৰত ক’লা কাপোৰ বান্ধি ৰূপজ্যোতি কুৰ্মীৰ তীব্ৰ প্ৰতিবাদ; ক’ত আৰু কিয়?

    মৰিয়নীৰ কেন্দ্ৰীয় শ্ৰমিক কল্যান দিৱসলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ আগমনৰ সময়তে মুখ্যমন্ত্ৰীৰ সভাত নাতিদূৰৈত ৰূপজ্যোতি কুৰ্মীৰ উত্তাল প্ৰতিবাদ

    মৰিয়নীত কেন্দ্ৰীয় শ্ৰমিক কল্যান দিৱসত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ তীব্ৰ প্ৰতিবাদ। মূৰত ক’লা কাপোৰ বান্ধি ৰূপজ্যোতি কুৰ্মীয়ে এই প্ৰতিবাদ কৰিছে। মৰিয়নীৰ কেন্দ্ৰীয় শ্ৰমিক কল্যান দিৱসলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগমনৰ সময়তে মুখ্যমন্ত্ৰীৰ সভাত নাতিদূৰৈত ৰূপজ্যোতি কুৰ্মীৰ উত্তাল প্ৰতিবাদ৷

    মৰিয়নীত শনিবাৰে শ্ৰম কল্যাণ বিভাগে আয়োজন কৰা তৃতীয় শ্ৰমিক কল্যান দিৱসৰ তীব্ৰ বিৰোধিতা বিধায়কগৰাকীৰ। বিধায়কগৰাকীয়ে শ্ৰমিক কল্যাণ দিৱসৰ দিনটো বিজেপিৰ শ্ৰমিক নীতি বিৰোধী প্ৰতিবাদ দিৱস বুলি অভিহিত কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং