22 C
Guwahati
Sunday, December 5, 2021
More

    আঠুকাঢ়ি ক্ষমা বিচাৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে, পিছে কিয়?

    কেইবাঠাইতো হাতজোৰ কৰি ক্ষমা বিচাৰিলে বিধায়কগৰাকীয়ে

    মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আঠু ল’লে কেইবাঠাইতো। হাতজোৰ কৰি ক্ষমা বিচাৰি এইদৰে আঠু লয় বিধায়কগৰাকীয়ে। পিছে কিয় এনেদৰে আঠু কাঢ়ি হাতজোৰ কৰিলে এগৰাকী বিধায়কে।

    লকডাউনৰ সময়ত একাংশই আৰক্ষী আৰু চিকিৎসকক প্ৰহাৰ কৰা বাবে বিধায়ক ৰূপজ্যোতি কুৰ্মী য়ে আঁঠুকাঢ়ি আৰক্ষী আৰু চিকিৎসকক সকলোৰে হৈ ক্ষমা খোজে এনেদৰে। লগতে ৰাইজ তথা জনসাধাৰণ সকলোকে অনুৰোধ কৰিছে আৰক্ষী আৰু চিকিৎসকক প্ৰহাৰ নকৰিবলৈ।

    লগতে সকলোকে এই বিপদৰ সময়ত মহামাৰী কৰ’ণাৰ পৰা বাছি থাকিবলৈ, নিজৰ লগতে পৰিয়ালক সুৰক্ষিত ৰাখিবলৈ লকডাউন মানি চলাৰ বাবে অনুৰোধ জনাই।

    Photo Credit: Time8

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং