19 C
Guwahati
Tuesday, December 7, 2021
More

    এমাহৰ বিদ্যুৎ মাচুল ৮০ লাখ টকা! মিটাৰ ৰিডাৰকো মিটাৰ সলনি কৰিবলৈ লাগে টকা

    তেওঁলোকৰ ঘৰত কেৱল ব্যৱহাৰ হয় চাৰিটা লাইট আৰু এখন ফেন

    শক্তি বিভাগে শক্তিহীন কৰি তুলিছে সৰ্বসাধাৰণ জনতাক৷ বিদ্যুত মাচুলৰ এমাহৰ বিলৰ পৰিমান দেখি সৰগ ভাগি পৰিছে এটা পৰিয়ালৰ ওপৰত। টিভি নাই, ফ্ৰিজ নাই, নাই কোনোধৰণৰ ইলেক্ট্ৰিকেল সা-সামগ্ৰী কিন্তু এমাহত বিল আহিল ৮০ লাখ টকা।

    বাক্সাৰ বৰমা বিদ্যুত উপসংমণ্ডল বিভাগৰ নিয়ন্ত্ৰনাধীন বেলগুৰী পথাৰৰ মংগল সুত্ৰধৰ নামৰ লোক এজনৰ বিগত মাহত বিদ্যুতৰ মাচুল আহিছে ৮০ লাখ টকা৷ বিলখনৰ টকাৰ পৰিমান দেখিয়েই হতবাক হৈ পৰিছে অতি দৰিদ্ৰ পৰিয়ালটো৷ তেওঁলোকৰ ঘৰত কেৱল ব্যৱহাৰ হয় চাৰিটা লাইট আৰু এখন ফেন।

    পৰিয়ালটোৰ মতে তেওঁলোকৰ মাহত বিল হ’ব লাগিছিল ১০০ বা ২০০ টকা৷ কিন্তু ৮০ লাখ টকাৰ বিলখন দেখি এতিয়া চিন্তাত পৰিছে মংগল সূত্ৰধৰৰ পৰিয়ালটো৷ মিটাৰ নিৰীক্ষণ কৰিব অহা এগৰকী বিভাগীয় কৰ্মচাৰীয়ে ১৪০০ টকা লৈ মৃনাল ঠাকুৰীয়া নামৰ লোকজনৰ মিটাৰটো বদলি কৰি দিছে ৮০ লাখ টকাৰ বিল অহা মংগল সূত্ৰধৰক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং