26 C
Guwahati
Wednesday, October 5, 2022
More

    মঙলদৈত জালনোট বনোৱা মেচিনসহ এজন লোকক গ্ৰেপ্তাৰ

    ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট জব্দ কৰে আৰক্ষীয়ে

    মঙলদৈত জালনোটসহ ফাৰুক আহমেদ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট জব্দ কৰে আৰক্ষীয়ে। জালনোটখিনি সৰবৰাহ কৰাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

    আৰক্ষীয়ে ধৃত ফাৰুকৰ পৰা জব্দ কৰে এটা জালনোট বনোৱা মেচিন। ধৃত ফাৰুকৰ ঘৰ ওদালগুৰি জিলাৰ ১নং নিজ গৰিয়াঝাৰ গাঁৱত। ঘটনা সন্দৰ্ভত ধূলা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ফাৰুক আহমেদক।

    সম্প্ৰতি ধূলা আৰক্ষী থানাত ৬২১/১৯নম্বৰ বিপৰীতে ৪৮৯(খ) ধাৰাত এটা গোচৰ ৰুজু কৰি অধিক তথ্যৰ সন্দৰ্ভত অভিযুক্ত ফাৰুক আহমেদক জেৰা চলাই আছে । দৰং জিলাৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ এক গোপন খবৰৰ ভিত্তিত ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ কাকতিৰ নেতৃত্বত চলিছিল এই অভিযান।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং