12.5 C
Guwahati
Saturday, January 29, 2022
More

    কৰ’ণা ভাইৰাছঃ মৃতকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ ঘোষণা, গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত

    দেশত বৰ্তমানলৈ কৰ'ণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা ৮৩লৈ বৃদ্ধি। ইয়াৰ ভিতৰত দিল্লী আৰু কৰ্ণাটকত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে

    ভাৰতত কৰ’ণা ভাইৰাছৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়াৰ ফলত বৰ্তমানলৈ ভাৰতত ২ গৰাকী লোকৰ মৃত্যু হয়। কেন্দ্ৰ চৰকাৰে এতিয়া ইয়াক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। গৃহ মন্ত্ৰালয়ৰ অনুসৰি, কৰ’ণা ভাইৰাছত সংক্ৰমিত লোকৰ মৃত্যু হ’লে মৃতকৰ পৰিয়ালক ৪ লাখ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা কৰিছে।

    দেশত বৰ্তমানলৈ কৰ’ণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা ৮৩লৈ বৃদ্ধি। ইয়াৰ ভিতৰত দিল্লী আৰু কৰ্ণাটকত এজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোহৰলৈ আহিছে। বৃহস্পতিবাৰে চৌদী আৰৱৰ পৰা ঘূৰি অহা কলবুৰ্গীৰ ৭৬ বছৰীয়া এজন লোকে প্ৰাণ হেৰুৱাইছিল। আনহাতে শুকুৰবাৰে নিশা ৰাম মনোহৰ লোহিয়া হাস্পতালত এগৰাকী ৬৮ বছৰীয়া মহিলাৰ মৃত্যু হয়।

    স্বাস্থ্য মন্ত্ৰালয়ে ক’লে যে মহিলাগৰাকীৰ পুত্ৰ বিদেশৰ পৰা আহিছিল আৰু যুৱকজনক কৰ’ণা ভাইৰাছ সংক্ৰমিত পোৱা গৈছিল। মহিলাগৰাকীৰ মধুমেহ আৰু উচ্চ ৰক্তচাপ হোৱাৰ বাবে মৃত্যু হৈছিল। দিল্লীত বৰ্তমানলৈ কৰ’ণা ভাইৰাছ সংক্ৰমিত হোৱাৰ ঘটনা ৭টা পোহৰলৈ আহিছে আৰু উত্তৰ প্ৰদেশত ১১টা। কৰ্ণাটকত কৰ’ণা ভাইৰাছত ৬জন, মহাৰাষ্ট্ৰত ১৪ আৰু লডাখত ৩জন সংক্ৰমিত।

    ইয়াৰোপৰি ৰাজস্থান, তেলেংগানা, তামিলনাডু, জম্মু-কাশ্মীৰ, অন্ধ্ৰপ্ৰদেশ আৰু পঞ্জাৱত এটাকৈ ঘটনা পোহৰলৈ আহিছে। কেৰালাত কৰ’ণা ভাইৰাছত ১৯টা ঘটনা পোহৰলৈ আহিছে।

    Photo credit: thequint.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং