27 C
Guwahati
Monday, November 29, 2021
More

    মচলা, কেঁচা পিয়াঁজ, চাহ, হালধি, গাখীৰ খালেই কৰ’ণা ভাল হয়ঃ আৰ পি শৰ্মা

    ঘৰতে আইছ'লেচনত থকি উপৰোক্ত খাদ্য খালেই কৰ'ণা ভাল হয়। সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে আৰ পি শৰ্মাই

    কৰ’ণাৰ বিৰুদ্ধে চৰকাৰ আৰু স্বাস্থ্য বিভাগে যুঁজ দি থকাৰ সময়তে কৰ’ণা নিৰাময়মৰ উপায় দিলে প্ৰাক্তন সাংসদ আৰ পি শৰ্মায়ে।

    মচলা, কেচা পিয়াঁজ, চাহ, হালধি, নহৰু, গাখীৰ খালেই বা ব্যায়াম কৰিলে কৰ’ণা ভাল হয়। এই মন্তব্য আৰ পি শৰ্মাৰ।

    যিহেতু কৰ’ণা ঔষধ ওলোৱা নাই তেন্তে স্বাস্হ্য বিভাগে কিদৰে দাবী কৰিব পাৰে আৰোগ্য কৰিছো বুলি। এই মন্তব্য প্ৰাক্তন সাংসদগৰাকীৰ।

    ঘৰতে আইছ’লেচনত থকি উপৰোক্ত খাদ্য খালেই কৰ’ণা ভাল হয়। সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে আৰ পি শৰ্মাই।

    ‘কৰ’ণাৰ ট্ৰিটমেণ্ট নাই। কোৱাৰেণ্টাইন ভেকো-ভাওনা নহয়। কোৱাৰেণ্টাইন কৰিলে আইছ’লেচনত ৰাখিলে নিজে নিজে ৰোগী ভাল হয় যায়। খাদ্যৰ ক্ষেত্ৰত যত্ন ল’লে কৰ’ণাত আক্ৰান্ত নহয়।

    যোগ-প্ৰাণায়ম কৰিব লাগে। গৰম পানী খাব লাগে। কেৰালাত ইমান সোনকালে কৰ’ণা আক্ৰান্ত হোৱা ৰোগী কেনেকৈ সুস্থ হৈ উঠিল কাৰণ তেওঁলোকে মচলা বেছি খায়।’- কৰ’ণা সন্দৰ্ভত মন্তব্য আৰ পি শৰ্মাৰ।

    চৰকাৰে ৰাইজক ভয় খুৱাই দিছে। নিৰাপদে থকাৰ কথা যদি চৰকাৰে ৰাইজক বুজাই দিলে হয় তেতিয়া একো সমস্যা নহ’ল হয়।- সাংবাদিকে সোধা প্ৰশ্নত এই কথা প্ৰকাশ কৰিলে শৰ্মাই।

    ‘আমি চৰকাৰ গঠন কৰিম ২০২১ত। বৰ্তমানৰ ১৫-২০গৰাকী বিজেপি বিধায়কে ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিব।

    বিজেপি দলে পুৰণি নেতা-কৰ্মী বঞ্চিত কৰি আহিছে।’- আগন্তুক বিধানসভা নিবাৰ্চন সন্দৰ্ভতো মন্তব্য শৰ্মাৰ।

    ‘কৰ’ণা শিকাই দিলে ৰাইজক ৰাজনীতি কি বস্তু। ভাষণৰ ৰাচন কি শিকাই দিলে।’- এই মন্তব্য প্ৰাক্তন সাংসদগৰাকীৰ।

    হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱকো বিজেপিয়ে বঞ্চিত কৰিছে বুলি আক্ষেপ কৰে শৰ্মাই।

    আজি ৰাহুল গান্ধীৰ জন্ম দিনৰ উপলক্ষে গহপুৰত অনুষ্ঠিত ৰক্ত দান শিবিৰ আৰু ৰাজহুৱা সভাত আৰপিশৰ্মা ৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰায়ো অংশগ্ৰহণ কৰে।

    ‘২০২১ চনত ৰাইজে কংগ্ৰেছ চৰকাৰ বিচাৰিছে। নেতাৰ ভোটত নহয়। ৰাইজৰ ভোটতহে চৰকাৰ গঠন হয়।

    কংগ্ৰেছ গণতান্ত্ৰিক দল। হায়কামাণ্ডে যাকে দায়িত্ব দিব সেইজনেই সভাপতি হ’ব।’- প্ৰদ্যুৎ বৰদলৈ সভাপতি হোৱাৰ সন্দৰ্ভক এই মন্তব্য ৰিপুন বৰাৰ।

    অসম চৰকাৰে কৰ’ণাক লৈ ৰাজনীতি আৰম্ভ কৰিছে। মন্ত্ৰীয়ে নিজে নামানে কৰ’ণাৰ গাইড লাইন।’-এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ।

    Photo:Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং