শিলচৰৰ পৰা ৰোহিংগ্যাক আটক। নিশা এখন বাগন-আৰ গাড়ীৰে গৈ থকাৰ সময়তে এগৰাকী ৰ’জী আখতাৰ নামৰ ৰোহিংগ্যা যুৱতীক আটক কৰে আৰক্ষীয়ে। আটক কৰা যুৱতীগৰাকী বাংলাদেশৰ কক্সবজাৰ ৰোহিংগ্যা শিবিৰৰ বুলি জনাইছে আৰক্ষীক। যুৱতীগৰাকীৰ মূল ঘৰ ম্যানমাৰৰ বুছিডাউং জিলাৰ চাংগামাত।
লগতে যুৱতীগৰাকী অহা গাড়ীখনৰ চালক আকমল হুছেইনকো আটক কৰিছে আৰক্ষীয়ে। ধৃত গাড়ী চালকজনৰ ঘৰ উত্তৰ ত্ৰিপুৰাত বুলি জনাইছে আৰক্ষীক। আনহাতে আৰক্ষীক দেখি পলাই যাবলৈ সক্ষম হয় যুৱতীগৰাকীৰ লগত অহা আন এজন যুৱক।