22 C
Guwahati
Thursday, January 20, 2022
More

    তামুলপুৰৰ বিমলনাগৰত ৰকেট লাঞ্চাৰ উদ্ধাৰ

    ককলেণ্ড বাহনে মাটি খান্দি থাকোতে স্থানীয় লোকে মাটিত প্ৰত্যক্ষ কৰে ৰকেট লাঞ্চাৰটো

    ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ থকাৰ সময়তে আজি নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী বিমলনাগৰত উদ্ধাৰ হৈছে এটি বৃহদাকাৰৰ ৰকেট লাঞ্চাৰ। অঞ্চলটোত ককলেণ্ড বাহনে মাটি খান্দি থাকোতে স্থানীয় লোকে মাটিত প্ৰত্যক্ষ কৰে ৰকেট লাঞ্চাৰটো।

    ঘটনা সন্দৰ্ভত আৰক্ষীত খবৰ দিয়াত নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ ৰকেট লাঞ্চাৰটো উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ যায়। ইতিমধ্যে ৰকেট লাঞ্চাৰটো নিষ্ক্ৰিয় কৰাৰ বাবে আৰক্ষী আৰু সেনাই পৰিকল্পনা অব্যাহত ৰাখিছে।

    আৰক্ষী সূত্ৰে জনোৱা মতে, পূৰ্বতে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত সেনা আৰু বিভিন্ন উগ্ৰপন্থীৰ যুদ্ধৰ সময়ত এই সমূহ বোমা মাটিৰ তলত পুতি থৈছিল দুস্কৃতিকাৰীয়ে। ‘অপাৰেচন অল ক্লিয়াৰ’ৰ সময়ত এনে ধৰণৰ ৰকেট লাঞ্চাৰৰ ব্যৱহাৰ কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে। যাৰ বাবে সঘনাই এই সমূহ ৰকেট লান্সাৰ উদ্ধাৰ হৈ আছে সীমান্তৱৰ্তী অঞ্চলত। সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং