হাইলাকান্দি জিলাৰ কাটাখাল বজাৰত সংঘটিত হৈছে এক ডকাইতিৰ ঘটনা। ডকাইত কৰিবলৈ আহি ঘৰৰে দুজনক গুলিয়াই থৈ যায় ডকাইতৰ দলে। লগতে শূণ্যতো কেইবাজাই গুলি কৰে দলটোৱে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, কাটাখাল বজাৰৰ নিৰোদ চন্দ্ৰ দাসৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। নিৰোদ চন্দ্ৰ দাস এগৰাকী প্ৰাক্তন চিআৰপিএফ জোৱান।
নিশাৰ অন্ধকাৰৰ সুযোগ লৈ নিৰোদ চন্দ্ৰ দাসৰ ঘৰত প্ৰৱেশ কৰিছিল প্ৰায় পোন্ধৰ ষোল্ল জনীয়া এটা ডকাইতৰ দল। ঘৰৰ সকলো মূল্যবান সামগ্ৰীৰ লগতে, টকা-পইচা, সোণ আদি লৈ যায় দলটোৱে। পিছে এই কাৰ্যত দলটোক বাধা দিবলৈ চেষ্টা কৰোতে দলটোৱে কেইবাজাই গুলি কৰে নিৰোদ চন্দ্ৰ দাসৰ দুই পুত্ৰ নৰেন্দ্ৰ দাস আৰু নন্দ কুমাৰ দাসক।

যাৰ ফলত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় দাসৰ দুই পুত্ৰ। ততাতৈয়াকৈ দুয়ো পুত্ৰক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। আনহাতে ঘটনাস্থলিত কাটাখাল আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু তলাচী অভিযান আৰম্ভ কৰে। লগতে ঘটনাস্থলিৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা দেশীয় পিষ্টল আৰু কেইবা জাই গুলি।
Input and Photo Credit: Rahatul Aktar Barbhuiya