25 C
Guwahati
Thursday, October 6, 2022
More

    ৰহাৰ গাৰুখুন্দাত পথ নিৰ্মাণৰ নামত ৰাবিচৰ পৰিবৰ্তে পেলাইছে পাহাৰৰ ৰঙামাটি

    ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ সমষ্টিত দেখা পোৱা গৈছে এই অনিয়ম

    ৰহা সমষ্টিৰ গাৰুখুন্দা পঞ্চায়তৰ এক আজৱ কাণ্ড। পথ নিৰ্মাণৰ নামত শিল-বালিৰ পৰিৱৰ্তে পৰিল ৰঙামাটিহে। পথ নিৰ্মাণত দুৰ্ণীতিৰ অভিযোগ ৰাইজৰ। ৰাাবিচৰ নামত পথত পৰিছে পাহাৰৰ ৰঙা মাটি। ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ সমষ্টি দেখা পোৱা গৈছে এই অভুতপূৰ্ব উন্নয়নৰ নমুনা।

    সমষ্টিটোৰ গাৰুখুন্দা পঞ্চায়তৰ দুখন ঐতিহাসিক ঠাই বুঢ়া ডাঙৰীয়া নাামঘৰ আৰু বিষ্ণুপুৰি থানলৈ যোৱা পথদুটা নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা গ্ৰহন কৰা বি জে পি চৰকাৰৰ নিজ দলৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ সমষ্টিটে পথ নিৰ্মানত দুৰ্ণীতিৰ অভিযোগ।

    পাহাৰৰ ৰঙামাটিৰে ভৰি পৰিছে পথ দুটা। পথ দুটা নিৰ্মাণত ঠিকাদাৰে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে। আনকি পথ দুটাত কোনো তথ্য ফলকো লগোৱা নাই ঠিকাদাৰে।

    Photo: @rupjyotibhuyan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং