15 C
Guwahati
Friday, January 14, 2022
More

    বিকানেৰ-জয়পুৰ হাইৱে’ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১০জন

    ঘটনাস্থলীত উপস্থিত আৰক্ষী বিষয়াই ক'লে যে পুৱা ৭.৩০ বজাত বিকানেৰ জয়পুৰ ৰাজমাৰ্গত যোধাছৰ আৰু চেৰুণা গাঁৱৰ মাজত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো

    সোমবাৰে পুৱা ৰাজস্থানৰ শ্ৰী ডুংগৰগড়ৰ সমীপত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১২ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

    ঘটনাস্থলীত উপস্থিত আৰক্ষী বিষয়াই ক’লে যে পুৱা ৭.৩০ বজাত বিকানেৰ জয়পুৰ ৰাজমাৰ্গত যোধাছৰ আৰু চেৰুণা গাঁৱৰ মাজত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো। যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় যাত্ৰীকেইগৰাকী।

    indiatoday.in

    আৰক্ষী বিষয়াই জনোৱা অনুসৰি দুৰ্ঘটনাটোত ৮ৰ পৰা ১০ গৰাকী লোকৰ মৃত্যু হয় আৰু প্ৰায় ১২ গৰাকী লোক আহত হয়। আহত আটাইকেইজন লোকক বিকানেৰ আৰু সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়। বিকানেৰৰ পৰা জয়পুৰ অভিমুখী দুৰ্ঘটনাগ্ৰস্ত বাছখনে প্ৰচণ্ড জোৰত এখন ট্ৰাকত খুন্দা মৰাৰ ফলত অগ্নিদগ্ধ হয় বাছখন।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং