15 C
Guwahati
Friday, January 28, 2022
More

    ৰাজপথতে বাগৰিল বাছ,সংকটজনক অৱস্থাত যাত্ৰী

    চালকজনে সুৰাপান কৰি বাছখন তীব্ৰ বেগত চলোৱাৰ বাবে এই ঘটনা সংঘটিত হয়

    আজি পুৱতি নিশা সোণাপুৰৰ কলেজ গেটৰ হৰ্ষিতা ৱাছিং চেণ্টাৰৰ সন্মুখত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। MN 01 2076 নম্বৰৰ নৈশ বাছখন মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে।

    উল্লেখযোগ্য যে চালকজনে সুৰাপান কৰি বাছখন তীব্ৰ বেগত চলোৱাৰ বাবে এই ঘটনা সংঘটিত হয়। গাড়ীখনত প্ৰায় ৩০ জন যাত্ৰী আছিল তাৰে প্ৰায় ১৫জন যাত্ৰী আহত হৈছে আৰু ২জনৰ অৱস্থা সংকটজনক। আহতসকলক সোণাপুৰৰ ২০০খন বিচনাযুক্ত জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

    Input and Photo: Mausam Baishya

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং