15 C
Guwahati
Friday, January 14, 2022
More

    Breaking:চিচিবৰগাঁৱত ট্ৰেভেলাৰ-ইণ্ডিকাৰ মুখামুখি সংঘর্ষত শিশুসহ ৪ জন গুৰুতৰভাৱে আহত

    আহতসকলৰ ঘৰ ডিব্ৰুগড় জিলাৰ আমোলাপট্টিত বুলি জানিব পৰা গৈছে যদিও তেওঁলোকৰ পৰিচয় জানিব পৰা হোৱা নাই

    চিচিবৰগাঁও চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেভেলাৰ আৰু ইণ্ডিকাৰ মাজত মুখামুখি সংঘর্ষ। শিশু মহিলাকে ধৰি চাৰিজন লোক আহত। আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ। আজিৰ দিনৰ প্ৰায় ১১.১৫ বজাত সংঘটিত হয় দুৰ্ঘটনাটো। আহতসকলৰ ঘৰ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ বুলি জানিব পৰা গৈছে।

    আজি দুপৰীয়া প্ৰায় ১১.১৫ বজাত চিচিবৰগাঁৱৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ডিব্ৰুগড়ৰ পৰা ধেমাজি অভিমুখে আহি থকা AS-06-M-5186 নম্বৰৰ টাটা ইণ্ডিকা গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা জোনাইলৈ গৈ থকা AS-22-C-3992 নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰ গাড়ীখনত মুখামুখিকৈ তীব্ৰ জোৰত খুন্দা মৰাৰ ফলত ইণ্ডিকাখনত থকা চাৰিজন আৰোহী গুৰুতৰভাৱে আহত হয়।

    ইয়াৰে এটি শিশু, এগৰাকী মহিলাকে ধৰি তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলৰ ঘৰ ডিব্ৰুগড় জিলাৰ আমোলাপট্টিত বুলি জানিব পৰা গৈছে যদিও তেওঁলোকৰ পৰিচয় জানিব পৰা হোৱা নাই। আহতসকলক ৰাইজৰ সহযোগত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটো ইমানেই তীব্ৰ আছিল যে ট্ৰেভেলাৰখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং