শিলচৰৰ ৰংপুৰ ৰাষ্ট্ৰীয় ঘাইপথত দুটা পৃথক দুৰ্ঘটনাত এজনৰ মৃত্যু হোৱাৰ লগতে ৫জন গুৰুতৰভাৱে আহত হৈছে। ৰংপুৰ ৰাষ্ট্ৰীয় ঘাইপথত দুজন যুৱকে দ্ৰুত গতিত বাইক চলাই ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে। ইয়াৰ ফলত থিতাতে নিহত হয় এজন যুৱক। মৃত যুৱকজন ৰাহুল লোহাৰ(২৫) বুলি জানিব পৰা গৈছে। আনজন যুৱক সঞ্জু ঠাকুৰ গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁক স্থানীয় লোকে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰাইছে।
আনটো ঘটনা ৰংপুৰ থানাৰ সন্মুখত সংঘটিত হয়। দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় ৪ জন। তেওঁলোককো স্থানীয় লোকে উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। হোলীৰ আনন্দ-উলাহৰ মাজতে একেটা স্থানতে সংঘটিত হোৱা দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।
Photo: Time8