27 C
Guwahati
Thursday, October 14, 2021
More

    Breaking: মৰিগাঁৱত পথ দুৰ্ঘটনাত থিতাতে নিহত দম্পতী

    দুৰ্ভগীয়া ডেকা দম্পতীয়ে ইহসংসাৰত এৰি থৈ গৈছে এটি পুত্ৰ সহ দুগৰাকীকৈ কন্যা সন্তান।

    মৰিগাঁও চহৰৰ মাজমজিয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিয়ে বাইক আৰোহী দম্পতীক । থিতাতে নিহত ত্ৰৈলোক্য ডেকা আৰু ৰুণু ডেকা নামৰ দুই পতি-পত্নী। ৰয়েল এনফিল্ড বাইকখনৰ নম্বৰ AS 21 G 9660 ।

    স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ হয় দুয়োৰে মৃতদেহ। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মৰিগাঁৱতে। দুৰ্ভগীয়া ডেকা দম্পতীয়ে ইহসংসাৰত এৰি থৈ গৈছে এটি পুত্ৰ সহ দুগৰাকীকৈ কন্যা সন্তান। মৃত ত্ৰৈলোক্য ডেকা ভাৰতীয় সেনাৰ প্ৰাক্তন চুবেদাৰ বুলি জানিব পৰা গৈছে।

    Photo Credit:@kuldipbordoloi

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং