27 C
Guwahati
Monday, November 29, 2021
More

    মায়’দিয়াত ৩০০ ফুট তলত বাগৰি পৰিল ডিব্ৰুগড়ৰ এটা পৰিয়ালৰ বাহন

    আজি পুৱা ডিব্ৰুগড় চহৰৰ মিৰ্জাবাগৰ পৰা পৰিয়ালটো ওলাই গৈছিল মায়'দিয়ালৈ

    ডিব্ৰুগড়ৰ সদৰ কাজিসহ তেওঁৰ পৰিয়াল গৈ থকা বাহন অৰুণাচলৰ মায়’দিয়াত দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত কাজি মৌলানা জিল্লুৰ ৰহমান বেগসহ পত্নী আতিফা আজহাৰ চুলতানা(নাজু) আৰু সৰু পুত্ৰ মিৰ্জা মাহমুদুৰ ৰহমান। আজি পুৱা ডিব্ৰুগড় চহৰৰ মিৰ্জাবাগৰ গৃহৰ পৰা পৰিয়ালটো ওলাই গৈছিল মায়’দিয়ালৈ।

    পৰিয়ালৰ পৰা জানিব পৰা মতে কাজি জিল্লুৰ ৰহমান বেগৰ অৱস্থা সংকটজনক। তেওঁৰ নিজা বাহন আইটেনত আজি যাত্ৰা কৰি মায়’দিয়াৰ তীৱাৰি গাঁৱত দুৰ্ঘটনাত পতিত হয় বাহনখন। প্ৰায় ৩০০ ফুট তললৈ বাগৰি পৰিছিল বাহনখন। লগতে চালক আলফ্ৰেড আঘাটপ্ৰাপ্ত হোৱাৰ লগতে চামিম আহমেদ নামৰ আন এজন ব্যক্তিও আছিল বুলি জানিব পৰা গৈছে।

    Photo Credit:@abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং