27 C
Guwahati
Saturday, March 18, 2023
More

    দুধনৈত ঘন কু্ঁৱলীৰ বাবে নিয়ন্ত্ৰণহীন বাহন;গুৰুতৰভাৱে আহত ৫

    দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ - ML-05S-1133

    দুধনৈত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনা আহত ৫ জন লোক ৷ শ্বিলঙৰ পৰা তুৰা অভিমুখে গৈ থকা ছুইফ্ট ডিজেয়াৰ বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্ট এটাত খুন্দা মাৰি পথৰ পৰা দ’ খাৱৈত বাগৰি পৰে ৷ এই দুৰ্ঘটনা সংঘটিত হৈছ দুধনৈৰ ডাবেলীত ৷ জানিব পৰা মতে একেটা পৰিয়ালৰে চাৰিজন সদস্যই তুৰালৈ বুলি গৈ থকাৰ সময়তে ঘন কু্ঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

    এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে চাৰিজন সদস্যসহ বাহনৰ চালকজনো আঘাতপ্ৰাপ্ত হয়। আহত সকল ক্ৰমে- পেট্ৰেচিয়া চোৱাইন,কল্পে সিং চোৱাইন, পেনটেং চোৱাইন, ইৰাপ্লাং চোৱাইন আৰু চালক আইবাম চেলষ্টাৰ ইউৰিয়া ৷

    আহত আটাইকেইজনে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে ৷ ইয়াৰে পেনটেং চোৱাইন নামৰ যুৱতীগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ – ML-05S-1133

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং