12.5 C
Guwahati
Saturday, January 29, 2022
More

    Breaking: ডিমৌত ভয়ংকৰ পথ দুৰ্ঘটনা; ৩জনৰ অৱস্থা সংকটজনক

    দুৰ্ঘটনা সংঘটিত কৰা NL-04-D-5742 নম্বৰৰ ৭০৯ মিনি ট্ৰাকখনক বৰ্তমান ডিমৌ আৰক্ষীয়ে জব্দ কৰিছে

    ডিমৌৰ লগুৱাবাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। গোলাঘাটৰ পৰা ডিগবৈ অভিমুখী টাটা এ.চি. আৰু শিৱসাগৰ অভিমুখী মালবাহী 709 ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ।

    দুৰ্ঘটনাটোত ডিগবৈ অভিমুখী AS-03-BC-2514 নম্বৰৰ টাটা এ.চি. খনৰ তিনিজনকৈ আৰোহী গুৰুতৰভাৱে আহত। স্থানীয় ৰাইজৰ তৎপৰতাত তিনিওজনক সংকটজনক অৱস্থাত ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি।

    প্ৰাথমিক চিকিৎসাৰ অন্তত এ.চি.খনৰ আৰোহী লক্ষীমপুৰৰ প্ৰদীপ দত্ত সুস্থ বুলি চিকিৎসকে জানিবলৈ দিয়াৰ লগতে গুৰুতৰভাৱে আহত চালক গোলাঘাটৰ দীপাংকৰ পাচনী আৰু প্ৰশান্ত নেওগক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে, দুৰ্ঘটনা সংঘটিত কৰা NL-04-D-5742 নম্বৰৰ ৭০৯ মিনি ট্ৰাকখনক বৰ্তমান ডিমৌ আৰক্ষীয়ে জব্দ কৰিছে।

    Input & Photo: Iftikar Rahman

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং