দৰঙৰ পিপৰা দোকানত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীসহ বাহন পৰিল দ’ খাৱৈত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত পৰিল AS25D5869 নম্বৰৰ মেক্সিম’ বাহন ৷ বাহনখনত থকা ৮ গৰাকী লোক গুৰুতৰভাৱে আহত ৷

স্থানীয় ৰাইজৰ সহযোগত আহত লোকসকলক উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ৷ আহতসকল দীপজ্যোতি দাস, মইনুল হক, ৰিজুদ্দিন আহমেদ, আব্দুল জামাল, হৰেন্দ্ৰ কুমাৰ নাথ, ছণ্ডিকা শইকীয়া, গীতা বৰা আৰু জীতেন নাথ৷
Input & Photo: Kishor Kalita