29 C
Guwahati
Saturday, October 23, 2021
More

    Breaking: ডিগবৈত চোৰাং কয়লাৰ ট্ৰাকৰ চেপাত নিহত ৫

    ডিগবৈৰ পাৱৈত সংঘটিত পথ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

    মৃত্যু দূতৰ ৰূপত ৰাষ্ট্ৰীয় ঘাইপথত নিশাৰ ভাগত চলে ট্ৰাকসমূহৰ দৌৰাত্ম্য। নিশা অবাধে চলা চোৰাং কয়লাৰ ট্ৰাকে এইবাৰ মহটিয়াই নিলে ৫ জনকৈ লোক লগতে আহত হ’ল অন্য কেইবাজনো লোক। যোৱা নিশা এই ঘটনাটি সংঘটিত হৈছে ডিগবৈৰ পাৱৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত।

    মাৰ্ঘেৰিটাৰ পৰা চোৰাং কয়লা কঢ়িওৱা ট্ৰাকে মহটিয়াই নিলে কেউজন লোককে। মৃত লোক কেইজন জাগুনঘাটৰ বুলি জানিব পৰা গৈছে। আহত সকলক সকলো ধৰণৰ সহায় সহযোগ আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ l

    photo credit: @ Pradyut Bordoloi


    বৰ্তমানে অসমৰ ৰাজপথত গোটেই নিশা অবাধে চলে শ শ চোৰাং কয়লা কঢ়িওৱা ট্ৰাক। বেআইনী ভাৱে চলা এই ট্ৰাক সমুহে প্ৰায়ে সংঘটিত কৰিবলৈ লৈছে দুৰ্ঘটনা। কিন্তু ইমানৰ পিছতো নিৰ্বিকাৰ প্ৰশাসন তথা আৰক্ষী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং