25 C
Guwahati
Thursday, October 21, 2021
More

    ১২ চকীয়া বাহন ভাঙি চূৰমাৰঃ থিতাতে নিহত চালক

    ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ পানীটেংকীত এ এছ ০১ ডিচি ২৭৫০ নম্বৰ ১২ চকীয়া ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুবাই পথৰ দাঁতিত বাগৰি পৰে

    তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনৰ পানীটেংকীত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাত থিতাতে নিহত হয় ট্ৰাক চালক পিন্তু চৰকাৰ (২৯)। ঘটনাৰ বিৱৰণীমতে আজি ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ পানীটেংকীত এ এছ ০১ ডিচি ২৭৫০ নম্বৰ ১২ চকীয়া ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুবাই পথৰ দাঁতিত বাগৰি পৰাত থিতাতে নিহত হয় চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ২ নং চাইতান গুৰি গাঁৱৰ গকুল চন্দ্ৰ চৰকাৰৰ পুত্ৰ পিন্তু চৰকাৰ। দুৰ্ঘটনাটোত ১২ চকীয়া বাহনখন ভাঙি চূৰমাৰ হোৱা পৰিলক্ষিত হয়।

    ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়ে। খবৰ লাভ কৰাৰ লগে লগে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বনজিৎ উজীৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে নিহত পিন্তু চৰকাৰৰ মৃতদেহ উদ্ধাৰ কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুচলপুৰলৈ প্ৰেৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং