চামগুৰিৰ আমনিত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা । জখলাবন্ধাৰ পৰা নগাঁও অভিমুখে আহি থকা এখন টাটা মেজিক আমনিৰ দলঙৰ পৰা দিজু নদীত বাগৰি পৰে ৷
স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকজনক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে কেইবামাহ পূৰ্বে এক দুৰ্ঘটনাত ভাগিছিল দলংখনৰ ৰেলিং।