29 C
Guwahati
Saturday, October 23, 2021
More

    উত্তৰ গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনা, ৩ নিহত

    বৰ্তমান উত্তৰ গুৱাহাটী আৰক্ষী থানাত আছে মৃতদেহ কেইটা

    উত্তৰ গুৱাহাটীৰ জয়গুৰুত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় তিনিজন। নিয়ন্ত্ৰণ হেৰুৱাই নিশা পিতনিত সোমাল AS-01-BN-1574 নম্বৰৰ চুইফট ডিজায়াৰ। পুৱতি নিশা গুৱাহাটীৰ পৰা চাংসাৰী অভিমুখী আছিল চুইফটখন। পিতনিৰ পৰা উদ্ধাৰ কৰিলে এগৰাকী যুৱতীৰ লগতে দুজন যুৱকৰ মৃতদেহ।

    বৰ্তমান উত্তৰ গুৱাহাটী আৰক্ষী থানাত আছে মৃতদেহ কেইটা।  নিহত লোককেইজন ৰঙিয়াৰ ৰাজীৱ শৰ্মা, কাহিলীপাৰাৰ ধনস্মিতা শৰ্মা আৰু নলবাৰীৰ তপন শৰ্মা বুলি জানিব পৰা গৈছে। পুৱা প্ৰাতঃ ভ্ৰমনলৈ যোৱা লোকে দুৰ্ঘটনাটো প্ৰত্যজ্ঞ কৰি খৱৰ দিয়ে আৰক্ষীক।

    Photo: @nitopammedhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং