পুৱাই যোৰহাটৰ জেইলৰোডৰ ধলসত্ৰ প্ৰেছৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰয়োজনীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজন স্কুটাৰ আৰোহী। বৰ্তমানেও চিনাক্ত হোৱা নাই স্কুটাৰ আৰোহীজনৰ পৰিচয়।
স্থানীয় ৰাইজৰ তৎপৰতাত ট্ৰাকখনৰ চালকক কৰায়ত্ত কৰাৰ লগতে জব্দ কৰে ট্ৰাকখনো। চিমেন্টৰ বস্তা লৈ আহিছিল ট্ৰাকখনে। লকডাউনৰ সময়চোৱাত আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি প্ৰয়োজনীয় সামগ্ৰী কঢ়িওৱাৰ ফলক লগাই এনেদৰে চিমেন্ট কঢ়িওৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ট্ৰাকখনৰ নম্বৰ AS09 C 2583 আৰু স্কুটাৰ খনৰ নম্বৰ AMB 7686। উল্লেখ্য যে কালি ৰঙালী বিহুৰ দিনটোতেই যোৰহাটত পৃথকে পৃথকে হোৱা দুটা পথ দুৰ্ঘটনাত প্ৰাণ গৈছিল দুজন ব্যক্তিৰ।
Inputs And Photo Credit: Rituraj Phukan