25 C
Guwahati
Thursday, October 6, 2022
More

    লক ডাউনৰ মাজতে আৰক্ষীক দেখি পলায়ন কৰোঁতে এজন লোকৰ কৰুণ মৃত্যু

    লকডাউন অমান্য কৰি AS-31-0315 নম্বৰৰ এখন টিভি এচ মফেদ গাড়ীৰে পুৱাই ব্যৱসায়ৰ বাবে জাভেছে মুৰ্গী কিনিবলৈ আহিছিল লংকাৰ কাকী টঙিয়াত

    লকডাউনৰ মাজতে পহিলা বহাগৰ দিনা পুৱাতেই লংকাত অঘটন।দুৰ্ঘটনাত পতিত হৈ মৃত্যু এজন লোকৰ। দুৰ্ঘটনাটো সংঘটিত হৈছে লংকাৰ কাকী টঙিয়াত। দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা লোকজন হ’ল হোজাই নীলবাগান মেঠিগাঁৱৰ জাভেছ উদ্দিন।

    লকডাউন অমান্য কৰি AS-31-0315 নম্বৰৰ এখন টিভি এচ মফেদ গাড়ীৰে পুৱাই ব্যৱসায়ৰ বাবে জাভেছে মুৰ্গী কিনিবলৈ আহিছিল লংকাৰ কাকী টঙিয়াত। মুৰ্গী কিনি নীলবাগানলৈ উভতি যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।কাকী আৰক্ষীৰ তহলদাৰী দলক দেখা পাই পলায়ন কৰিবলৈ দ্ৰুতবেগত গাড়ী চলাবলৈ গৈ ব্যৱসায়ীজনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এডাল গছত।

    আৰক্ষীৰ দলটোৱে ততাতৈয়াকৈ ব্যৱসায়ীজনক উদ্ধাৰ কৰি এম্বুলেঞ্চৰ জৰিয়তে হোজাইৰ হাম হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে লোকজনে। আৰক্ষীয়ে ইতিমধ্যে ব্যৱসায়ীজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং