হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী কচৰথলত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। অসমৰ হাইলাকান্দি জিলাৰ পৰা মিজোৰামলৈ যোৱাৰ পথত সীমান্তৱৰ্তী ভাইছেড়া অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰে এখন টাটা ছুম’ গাড়ী৷ গাড়ীখনৰ নম্বৰ AS-24 C 4564। দুৰ্ঘটনাটিৰ ফলত থিতাতে নিহত হৈছে ৩ গৰাকী আৰোহী।
লগতে আহত হৈছে আন ১২ গৰাকীকৈ যাত্ৰী। নিহতসকল হাবিব আলি, ছাবুল হুচেইন আৰু লাল দবি মিজো বুলি জানিব পৰা গৈছে। আহতসকলক প্ৰথমত কাটলিচৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁলোকক শিলচৰৰ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে৷