25 C
Guwahati
Monday, October 25, 2021
More

    দৰঙৰ খাৰুপেটীয়াত পথ দুৰ্ঘটনা, থিতাতে নিহত এটি কিশোৰ

    দুৰ্ঘটনাটোত থিতাতে নিহত কিশোৰটিৰ নাম মহিবুৰ ৰহমান আৰু আহত যুৱকজনৰ নাম মহিদুল ইছলাম

    দৰঙৰ খাৰুপেটীয়াৰ নিকটবর্তী বাইগৰমাৰী গাঁৱৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত এজন কিশোৰ আৰু আহন এজন যুৱক। দ্ৰুতবেগী বাইকে খুন্দিয়ালে পথত ৰখাই থোৱা এখন ট্ৰাকক।

    দুৰ্ঘটনাটোত থিতাতে নিহত কিশোৰটিৰ নাম মহিবুৰ ৰহমান আৰু আহত যুৱকজনৰ নাম মহিদুল ইছলাম। আহত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুয়োৰে ঘৰ খাৰুপেটীয়াৰ অচিনতলাত। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক আৰু বাইকখন আৰক্ষীয়ে থানালৈ লৈ যায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং