ডবকাৰ মোৰাঝাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন ২৫ বছৰীয়া যুৱক। স্কুটিৰে নিজৰ গন্তব্য স্থানলৈ গৈ আছিল মৃত যুৱকজন।
নীলবাগানৰ পৰা মোৰাঝাৰ অভিমুখে গৈ থকা এখন ডাম্পাৰৰ প্ৰচণ্ড খুন্দাত নিহত হয় যুৱকজন।
দুৰ্ঘটনাটোত নিহত হোৱা যুৱকজনৰ নাম অৰুপ চাহা। নগাঁৱৰ বাসিন্দা নিহত যুৱকজন।
দুৰ্ঘটনাটোৰ পিছতে দুৰ্ঘটনাস্থলীত মোৰাঝাৰ আৰক্ষী উপস্থিত হয়। দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখন আৰক্ষীয়ে জব্দ কৰি থানালৈ লৈ যায়।

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা অৰূপ চাহাক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Photo: Time8