বৰপেটাৰ হাউলীৰ সমীপৰ হাতীজানাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত। হাউলী কুমুল্লীপাৰাৰ মা পৰাণ পাব্লিক স্কুলৰ স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাগ্ৰস্থ স্কুল বাছখনৰ নম্বৰ AS 15C 8526 । হাউলীৰ কুমুল্লীপাৰাত অৱস্থিত মা পৰাণ পাব্লিক স্কুলৰ নৱম শ্ৰেণীৰ চিবিএছই বোৰ্ড পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল দুৰ্ঘটনাগ্ৰস্থ স্কুল বাছখনত।

পাঠশালাত পৰীক্ষাত অৱতীৰ্ণ হৈ কুমুল্লীপাৰালৈ আহি থকা অৱস্থাতে হাউলীৰ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ কেম্পাছৰ ওচৰত দুৰ্ঘটনাত পতিত হয় স্কুল বাছখন। স্কুল বাছখনে AS 15F 7695 নম্বৰৰ বাইকত খুন্দা মাৰি বাগৰি পৰে পথৰ ওপৰত। বাছখনৰ খুন্দাত বাইক আৰোহীজন গুৰুতৰভাৱে আহত। আহত বাইক চালকজনক বৰপেটা মেডিকেল কলেজ হাস্পটালত ভৰ্তি কৰোৱা হৈছে। সৌভাগ্যক্ৰমে ৰক্ষা পৰে পৰীক্ষাৰ্থীসকল।

Photo: Time8