32 C
Guwahati
Saturday, October 16, 2021
More

    ডফলীৱালেৰ চিৰ বিদায়, ‘ম্যে মৰ কৰ ভি না মৰ ছকা, ঔৰ না হি জী-কৰ জী ছকতা হুঁ’

    প্ৰেম কৰাই যেন জীৱন, ৰীল লাইফ আৰু ৰীয়েল লাইফ দুয়োটাতে সফলতাৰে মোহৰ মাৰিছে প্ৰেমৰ

    ডফলীৱালে, প্ৰেম ৰোগী, ৰউফ লালা আৰু নাই। অভিনয়ে যাৰ জীৱন, অভিনয় কৰিয়েই জীৱন নাটৰ সামৰণি মাৰিলে ঋষি কাপুৰে। পিতৃ ৰাজ কাপুৰৰ ছবি ‘মেৰা নাম জোকাৰ'(১৯৭০, ১৮ ডিছেম্বৰ)ত অভিনয় জীৱনৰ পাতনি মেলি সামৰণি মাৰিলে ‘মুল্ক'(২০১৮, ৩ আগষ্ট) ছবিৰে।

    জীৱনৰ প্ৰথমখন মুখ্য চৰিত্ৰত অভিনয় কৰা ১৯৭৩ চনৰ অতিকে জনপ্ৰিয় ‘ববী’ চিনেমাৰ বাবে লাভ কৰিছিল ফ্লিমফেয়াৰ বেষ্ট এক্টৰ এৱাৰ্ড। তাৰ পিছত আৰু উভতি চাব লগা হোৱা নাই এইগৰাকী অভিনেতাই। ইখনৰ পিছত সিখনকৈ দি গৈছে অনুৰাগীৰ মনত তোলপাৰ লগোৱা সফল ছবি। প্ৰেম কৰাই যেন জীৱন, ৰীল লাইফ আৰু ৰীয়েল লাইফ দুয়োটাতে সফলতাৰে মোহৰ মাৰিছে প্ৰেমৰ।

    ১৯৭০ চনৰ পৰা ২০১৮ লৈ প্ৰায় ১২৩ খন ছবিত অভিনয় কৰিছে এইগৰাকী বলিষ্ঠ অভনেতাই। ২০০৮ত জীৱনযোৰা সাধনাৰ বঁটা লাভ কৰিছিল ঋষি কাপুৰে। ২০১১ চনত পত্নী নিতু সিং সৈতে লাভ কৰিছিল বেষ্ট লাইফ টাইম জোড়ী এৱাৰ্ড। ইয়াৰ বাহিৰেও আছে অন্য বহু সন্মান, যেনে, শ্ৰেষ্ঠ নেতিবাচক চৰিত্ৰ (অগ্নিপথ), শ্ৰেষ্ট সহ-অভিনেতা (কাপুৰ এণ্ড ছ’নছ) ইত্যাদি।

    অমিতাভ বচ্চনক নিজৰ জ্যেষ্ঠ ভাতৃ জ্ঞান কৰা ঋষি কাপুৰে বৈবাহিক জীৱনৰ পাতনি মেলিছিল ১৯৮০চনৰ ২২ জানুৱাৰীত। জীৱনসংগী হৈছিল ভাৰতীয় ছবিজগতৰ অন্যতম সফল অভিনেত্ৰী নিতু সিং। প্ৰেমৰ সাক্ষীৰূপে দুয়োৰে সংসাৰলৈ আহিছিল দুটি সন্তান। ১৯৮০চনৰ ১৫ ছেপ্তেম্বৰত প্ৰথন সন্তান হিচাপে সংসাৰলৈ আহিছিল কন্যা ৰিধিমা কাপুৰ সাহানি। আৰু ১৯৮২ চনৰ ২৮ ছেপ্তেম্বৰত সংসাৰলৈ আহিছিল ৰণবীৰ কাপুৰ।

    ১৯৫২ চনৰ ৪ ছেপ্তেম্বৰত এটা পাঞ্জাবী পৰিয়ালত জন্ম লাভ কৰিছিল ঋষি কাপুৰে। সৰুতে ঘৰতেই পাইছিল অভিনয়ৰ আদিপাঠ। ককাক আৰু পিতৃৰ দৰে ভাৰতীয় ছবিজগতৰ গুৰি ধৰোতা দুই মহীৰূহৰ পৰাই শিকিছিল অভিনয় কলা। আৰু সেই অভিনয়ৰ শিক্ষা প্ৰতিফলিত হৈছিল এজন ৰোমান্তিক অভিনেতা হিচাপে।

    Photo Credit: Wikipedia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং