‘আমি পূৰ্বেও সন্দেহ প্ৰকাশ কৰিছিলো যে চৰকাৰৰ শুদ্ধ NRC প্ৰকাশৰ কোনো সদিচ্ছা নাই।’- সংবাদমেলত এই মন্তব্য ৰিপুণ বৰাৰ। অন্তিমখন ড্ৰাফ্টত বাদ পৰা লোকৰ সংখ্যা জিলাই প্ৰতি ৫০% লোকৰ নাম যোগ হৈছে, অন্তিমখন ড্ৰাফ্টত ৰৈ যোৱা ভুলবোৰ ইয়াতো আছে, অসমৰ ৰাইজে বিচৰা ধৰণে NRC নহ’ল।’- এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰিপুণ বৰাৰ।
‘বহু প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিছে, বাদ পৰা ভাৰতীয়ক সংকিত নহ’বলৈ মুখ্যমন্ত্ৰী সোণোৱালে আশ্বাস দিছে, কিন্তু আশ্বাস দিলেই নহ’ব, বাদ পৰা ভাৰতীয় নাগৰিক জুৰুলা হ’ব কেবল বিজেপিৰ ভুলৰ বাবেই।’- এই মন্তব্য অসমৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষগৰাকীৰ।
‘একেটা পৰিয়াৰ ৪জনৰ নাম আহিছে ২ দুজনৰ অহা নাই এইটো কেনেধৰণৰ কথা, বিধায়ক ইলিয়াছ আলীৰ দুগৰাকী কন্যাৰ নাম অহা নাই, মাক পিতাকৰ নাম অহাৰ পিছত কন্যাৰ নাম নহাটো কেনে কথা।’- NRCত বিধায়কৰ পৰিয়ালৰ নাম নহা কেন্দ্ৰ কৰিও সংবাদমেলত মন্তব্য ৰিপুণ বৰাৰ।
মুখ্যমন্ত্ৰীয়ে কৈছিল এইখন ঐতিহাসিক দলিলৰ দস্তাবেজ হ’ব কিন্তু ভাৰতীয়ৰ নাম বাদ পৰিলে ই কেনেকৈ ঐতিহাসিক দলিল হ’ব, মুখ্যমন্ত্ৰীৰ কথা বিজেপি সভাপতিয়েই নসাৎ কৰিছে। তেওলোকৰ মাজতে স্ববিৰোধিতা আছে।’- সংবাদমেলত সোণোৱাল চৰকাৰক সমালোচনা বৰাৰ।