‘NRCত যি ১৯ লাখ ৬ হাজাৰ বিদেশীৰ নাম বাদ পৰিল সেই আটাইকেইজনে ভাৰতীয় নাগৰিক আৰু তাত এজনো বিদেশীৰ নাম নাই।’- এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুন বৰাৰ।
NRCৰ পূৰ্ণাংগ তালিকাৰ পৰা সত্ৰাধিকাৰ, মুক্তিযঁুজাৰু আৰু BSFত কৰ্মৰত লোকৰ নাম বাদ পৰিছে- বুধবাৰে তেজপুৰত এখন সংবাদমেলত এই অভিযোগ উত্থাপন কৰে বৰাই। কেইবাটাও বিশ্বঅভিলেখ থকা ডাঃ উত্তম দাস নামৰ চিলাপথাৰৰ লোক এজনৰ নাম অন্তৰ্ভুক্ত হোৱা নাই NRCত। এনেকুৱা বহু উদাহৰণ আছে NRC নাম নথকা। NRC সন্দৰ্ভত মন্তব্য ৰিপুন বৰাৰ।
আজি বিজেপি দলেই NRC মানি ল’বলৈ টান পাইছে। তাৰ পিছত দিল্লীত NRCৰ কথা কয়। NRCত নাম নথকাসকলে আত্মহত্যা কৰিবলগীয়া হৈছে অসমত। সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতিগৰাকীয়ে।