20 C
Guwahati
Saturday, January 29, 2022
More

    ৩৩,৭৩৭ কোটি বিনিয়োগেৰে গুগলে কিনিলে জিঅ’ৰ অংশীদাৰিত্ব; ভাৰতবৰ্ষ হ’ব ২ জি মুক্ত

    আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৩ সংখ্যক বাৰ্ষিক সাধাৰণ সভা অৰ্থাৎ এ জি এম ( annual general meeting) ।

    এই সভাত কোম্পানীৰ অধ্যক্ষ মুকেশ আম্বানীয়ে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে । তেওঁ কয় যে অহা বছৰলৈ দেশত 5G সেৱা মুকলি কৰা হ’ব ।

    লগতে কয় যে গুগল আৰু জিঅ’ই মিলি এক‌ অপাৰেটিং চিষ্টেম বনাব, যি 4G আৰু 5G স্মাৰ্ট ফোনৰ বাবে হ’ব ।

    জিঅ’ আৰু গুগলে মিলি ভাৰতবৰ্ষক 2G মুক্ত বনাব বুলি কয় আম্বানীয়ে ।

    লগতে তেওঁ কয় যে গুগলে জিঅ’ প্লেটফৰ্মত ৩৩,৭৩৭ কোটি টকাৰ বিনিয়োগ কৰি কিনিব ৭.৭% অংশীদাৰিত্ব ।


    তেওঁ কয় যে জিঅ’ই ইতিমধ্যে তৈয়াৰ কৰিছে মেড ইন ইণ্ডিয়া 5G চলুশ্যন।

    যি ভাৰতবৰ্ষত ৱৰ্ল্ড ক্লাচ 5G সেৱা প্ৰদান কৰিব। আম্বানীয়ে জিঅ’ৰ 5G চলুশ্যনক আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে ঘোষণা কৰে।

    অহা বছৰৰ পৰা আৰম্ভ হ’বলগীয়া এই সেৱা ১০০ শতাংশই মেড ইন ইণ্ডিয়া হ’ব বুলি জনায় আম্বানীয়ে ।


    তেওঁ কয় যে ভাৰতবৰ্ষ 5জি যুগৰ দুৱাৰত থিয় দিছে ।
    আম্বানীয়ে কয় যে ৰিলায়েন্স বিশ্বৰ ৬০ টা বৃহৎ কোম্পানীৰ ভিতৰত এটা ।

    মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে প্ৰথমবাৰৰ বাবে ৰিলায়েন্স এ জি এম সম্বোধন কৰে । এই সভাত তেওঁ ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দ্বাৰা কৰ’ণা মহামাৰীৰ সংকটৰ সময়ত কৰা বিভিন্ন ধৰণৰ সামাজিক কাৰ্যৰ বিষয়ে জনায় । তেওঁ কয় যে মিছন অন্ন সেৱাৰ জৰিয়তে দেশৰ ৫ কোটিতকৈ অধিক লোকক খাদ্য প্ৰদান কৰা হৈছে ।

    photo credit : fonearena

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং