27 C
Guwahati
Wednesday, October 13, 2021
More

    অসমৰ সৰ্ববৃহৎ উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহৎ বজৰংগ ৰাইচ মিল ছীল ধেমাজি জিলা প্ৰশাসনৰ

    ধেমাজি নগৰত বিগত সময়ত ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰিছিল উদ্যোগটোৱে

    অসমৰ ভিতৰত সৰ্ববৃহৎ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয় বৃহৎ ধেমাজি নগৰস্থিত বজৰংগ ৰাইচ মিল ছীল কৰে ধেমাজি জিলা প্ৰশাসনে ৷ ১৯৬৮ চনতে প্ৰতিষ্ঠা কৰা হৈছিল এই মিলটো৷ চৰকাৰী নীতি নিয়ম অৱজ্ঞা কৰাৰ লগতে প্ৰদূষণ আইন ভংগ কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ছীল কৰে এই মিল৷

    বিদ্যুৎ বিভাগে কৰ্তন কৰি দিয়ে মিলৰ বিদ্যুৎ সংযোগো৷ স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি প্ৰশাসনক অভিযোগ কৰি আছিল৷ অভিযোগৰ ভিত্তিত প্ৰশাসনে দণ্ডাধীশ তদন্ত কৰিছিল৷

    তদন্তৰ অন্তত জিলা প্ৰশাসনে এক নিৰ্দেশযোগে আজি এই বৃহৎ উদ্যোগটো ছীল কৰি দিয়ে ৷ উল্লেখ্য যে ধেমাজি নগৰত বিগত সময়ত ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰিছিল উদ্যোগটোৱে ৷

    Input :Jayanta Bora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং