14 C
Guwahati
Sunday, January 23, 2022
More

    দৰঙত দুৰ্ধৰ্ষ গঁড় চিকাৰী আটক, প্ৰায় ১০ বছৰ ধৰি আত্মগোপন কৰি আছিল

    চোৰাংচিকাৰীটোৰ পৰা জব্দ ৪টা মোবাইল ফোন আৰু এখন চোকা অস্ত্ৰ

    দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত দুৰ্ধৰ্ষ গঁড় চিকাৰী আটক। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা কৰি প্ৰায় ১০ বছৰ ধৰি আত্মগোপন কৰি আছিল চোৰাংচিকাৰীটো। ধৃত গঁড় চিকাৰীটোৰ নাম জাকিৰ হুছেইন।

    Time8

    ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন কৰ্মীৰ দল এটাই অভিযান চলাই বৰছলাৰ পৰা আটক কৰে চোৰাংচিকাৰীটোক। ধৃত গঁড় চিকাৰী জাকিৰৰ ঘৰ শোনিতপুৰৰ ঢেকীয়াজুলী থানাৰ অন্তৰ্গত নুৰপুৰ ভৈৰাগুৰি গাঁৱত।

    ধৃত চিকাৰীটোৰ বিৰুদ্ধে ইতিমধ্যে নগাঁও জিলাৰ আদালতত বহুকেইটা অপৰাধৰ গোচৰ চলি আছে। চোৰাংচিকাৰীটোৰ পৰা জব্দ ৪টা মোবাইল ফোন আৰু এখন চোকা অস্ত্ৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং