দেশৰ বাবে সেৱা আগবঢোৱা অৱসৰপ্ৰাপ্ত সেনা বিষয়া ছানাউল্লাহৰ নাম নাহিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত। লগতে ছানাউল্লাহৰ ২ কন্যা সন্তান আৰু এটি পুত্ৰৰো নাম প্ৰকাশ নাপালে চূড়ান্ত NRCত।
বিপৰীতে NRCৰ তালিকাত প্ৰকাশ পালে কাৰ্গিলৰ যোদ্ধা ছানাউল্লাহৰ পত্নীৰ নাম।
বিদেশীৰ ঘোষিত হৈ ২৯ মে’ত ছানাউল্লাহক গ্ৰেপ্তাৰ কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল সীমান্ত আৰক্ষীয়ে। অবশ্যে ১১ দিন বন্দীত্বৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা চৰ্তসাপেক্ষে ৮ জুনত জামিন লাভ কৰিছিল প্ৰাক্তন সেনা বিষয়াগৰাকীয়ে।