শনিবাৰে প্ৰকাশ পালে জাতীয় দলিল হিচাপে অভিহিত কৰি অহা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা। এই তালিকাৰ পৰা বাদ পৰা ১৯ লাখৰো অধিক লোকৰ ভিতৰত আছে এসময়ত দেশৰ বাবে সেৱা আগবঢ়োৱা বায়ুসেনা বিষয়াৰ নাম। বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত ছেকণ্ড লেফটেনেণ্ট কামাণ্ডাৰ ছবীন্দ্ৰ শৰ্মাৰ নাম নাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকাত।
বিশ্বনাথৰ বহু বজাৰত ঘৰ অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়াগৰাকীৰ ঘৰ। সুদীৰ্ঘ ৩৬টা বছৰে বায়ুসেনা বাহিনীত থাকি দেশৰ সেৱা আগবঢ়াই এইবৰ্ষৰ ২৮ জানুৱাৰীত অৱসৰগ্ৰহণ কৰা বিষয়াগৰাকীয়ে লাভ কৰিছিল ৰাষ্ট্ৰীয় বঁটা। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰিছিল এই সন্মান। দিল্লী, জন্মু-কাশ্মীৰ, লাডাখ আদিতো কৰ্মৰত আছিল বিষয়াজন৷
উল্লেখ্য যে স্বাধীনতা সংগ্ৰামী আছিল অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়াগৰাকীৰ পিতৃ তেজ প্ৰসাদ শৰ্মা। দেশৰ স্বাধীনতা আন্দোলনত ছবিলাল উপাধ্যাৰ সৈতে গহপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিল তেজ প্ৰসাদ শৰ্মায়ো। অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে ৫ বা ৬ বাৰকৈ অংশ লৈছিল NRCৰ শুনানিত। তাৰ পিচতো নাম অন্তভুক্ত নহ’ল চূড়ান্ত NRCত।