27 C
Guwahati
Monday, September 26, 2022
More

    এজন প্ৰাক্তন বায়ুসেনা বিষয়াৰ আত্মহত্যা, ছুইচাইড নোটত লিখি গৈছে বহু কথা

    চিপ লোৱা অৱস্থাত উদ্ধাৰ বিজন দাস নামৰ প্ৰাক্তন বায়ুসেনা বিষয়াগৰাকীৰ মৃতদেহটো। কলকাতালৈ যাম বুলি পৰিয়ালক জনাই ওলাই গৈছিল প্ৰাক্তন বায়ুসেনা বিষয়াগৰাকী

    এলাহাবাদৰ হোটেল প্ৰয়াগত উদ্ধাৰ হৈছে প্ৰাক্তন বায়ুসেনা বিষয়াৰ মৃতদেহ। হোটেলৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ বিজন দাস নামৰ প্ৰাক্তন বায়ুসেনা বিষয়াগৰাকীৰ মৃতদেহটো। কলকাতালৈ যাম বুলি পৰিয়ালক জনাই ঘৰৰ পৰা ওলাই গৈছিল প্ৰাক্তন বায়ুসেনা বিষয়াগৰাকী। বৃহস্পতিবাৰে আত্মহত্যাৰ পূৰ্বে বিজন দাসে ছুইচাইড নোটত লিখি থৈ গৈছে বহু কথা। বিজন দাসৰ প্ৰকৃত ঘৰ কলকাতাত।

    ২০০২ চনত বায়ুসেনাৰ চাকৰিৰ পৰা অৱসৰগ্ৰহণ কৰি অসমৰ মঙলদৈত পত্নীৰ ঘৰত আছিল বিজন দাস। পিছত মঙলদৈতে ভাৰাঘৰ লৈ কোনো মতে পোহ-পাল দিয়ে পৰিয়ালক। অৱসৰৰ পিছতে ব্যৱসায় আৰম্ভ কৰিছিল বিজন দাসে। কিন্তু সকলো ব্যৱসায়তে সফল হ’ব নোৱাৰিলে বিজন দাস। বেংকৰ ঋণ লৈ চলাইছিল ব্যৱসায়। পিছে বেংকৰ ঋণ পৰিশোধ কৰিবলৈ গৈ আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল তেওঁ আৰু সেই বাবেই আত্মহত্যাৰ পথ বাচি লোৱা বুলি জনাইছে বিজন দাসৰ পত্নীয়ে।

    আনহাতে হোটেলৰ কোঠাত উদ্ধাৰ হোৱা ছুইচাইড নোটত লিখা আছে বহু কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ নামো আছে ছুইচাইড নোটত। তেওঁৰ পুত্ৰৰ দায়িত্ব ল’বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছুইচাইড নোটৰ জৰিয়তে অনুৰোধ জনাই থৈ গৈছে প্ৰাক্তন বায়ুসেনা বিষয়াগৰাকীয়ে। লগতে বৰ্তমান দেশৰ আৰ্থিক মন্দাৱস্থাৰ বাবে দোষাৰোপ কৰিছে পি চিদাম্বৰমক। প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ বাবেই দেশৰ আৰ্থিক দুৰৱস্থা হোৱা বুলি ছুইচাইড নোটত উল্লেখ কৰি থৈ গৈছে বিজন দাসে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং