অসম আৰক্ষীত ব্যাপক ৰদ-বদল।
নৈশ কাৰ্ফিউ ভাঙি পাৰ্টীত ব্যস্ত হৈ থকা কেইবাগৰাকীও আৰক্ষী বিষয়াক বদলি কৰা হৈছে।
DCP চেণ্ট্ৰেলৰ লংনিত টেৰাঙক BIEOৰ SP হিচাপে বদলি কৰা হৈছে।
BIEOৰ SP স্বপ্ননীল ডেকাক শদিয়াৰ SP হিচাপে বদলি কৰাৰ লগতে শদিয়াৰ SP বি এল মীনাক কাছাৰৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
পাণবজাৰৰ ACP লৱকুমাৰ ডেকাক ৪ৰ্থ অসম বেটেলিয়ানৰ অধিনায়ক হিচাপে বদলি।
কাছাৰৰ SP মানবেন্দ্ৰ দেৱ ৰয়ক দশম অসম আৰক্ষীৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে।
১০ম অসম আৰক্ষীৰ বেটেলিয়ানৰ অধিনায়ক গৌতম বৰাক DCP চেণ্ট্ৰেল হিচাপে বদলি কৰাৰ লগতে নিলোতপল ডেকাক নুনুমাটিৰ ACP হিচাপে বদলি কৰা হৈছে।
নুনমাটিৰ ACP জিকিৰাণী মহন্তক কামাণ্ডো বেটেলিয়নৰ DSP হিচাপে বদলি।
অমিতৰাজ চৌধুৰীক বঙাইগাঁৱৰ DSP (HQ) হিচাপে বদলি কৰা হৈছে। বঙাইগাঁৱৰ DSP (HQ) মৈত্ৰী ডেকাক পাণবজাৰ ACP হিচাপে বদলি কৰা হৈছে।
জালুকবাৰীৰ ACP জয়ন্ত বৰুৱাক BIEOৰ DSP হিচাপে বদলি কৰাৰ লগতে জ্যোতিপ্ৰসাদ পেগুক জালুকবাৰীৰ ACP হিচাপে বদলি কৰা হৈছে।
অৰুনিমা ভূঞাক ৪ৰ্থ অসম আৰক্ষীৰ বেটেলিয়ানৰ সহকাৰী অধিনায়ক হিচাপে বদলি কৰা হৈছে।
ৰজি তালুকদাৰক পাণবজাৰৰ সমূহ মহিলা আৰক্ষী থানাৰ ACP হিচাপে বদলি।
ৰুদ্ৰ কলিতাক বৰপেটাৰ DSP হিচাপে বদলি কৰাৰ বিপৰীতে হেমেন দাসক উত্তৰ শালমাৰাৰ SDPO হিচাপে বদলি কৰা হৈছে।
উল্লেখ্য যে সোমবাৰে নৈশ কাৰ্ফিউৰ মাজতেই মহানগৰ আৰক্ষীৰ বিলাসী পাৰ্টি আয়োজিত হৈছিল।
জল পৰিবহন বিভাগৰ টি এফ দামোদৰ নামৰ বিলাসী জাহাজত পাৰ্টি কৰিছিল।
আৰক্ষীৰ সমগ্ৰ ঘটনাক লৈ মুখ্য সচিবে পত্ৰ লিখিলে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ শৰ্মালৈ।
‘নিয়ম ভংগ কৰি কিয় সমবেত হৈছিল আৰক্ষীৰ লোকসকল।’- মুখ্য সচিবে এই বুলি প্ৰশ্ন উত্থাপন কৰিছিল আৰক্ষী আয়ুক্তক।
‘এয়া তেওঁলোকৰ ভুল নহয়, এগৰাকী আৰক্ষী বিষয়াৰ জন্মদিনৰ বাবে আয়োজন কৰা হৈছিল পাৰ্টিৰ, জন্মদিনৰ বাবে আৰক্ষীয়ে এইদৰে পাৰ্টি কৰিব পাৰে।’- এগৰাকী আৰক্ষী সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া পাৰ্টিত থকা আৰক্ষীৰ।
Photo: Google