27 C
Guwahati
Wednesday, October 13, 2021
More

    VIDEO: হেলমেট নিপিন্ধাৰ বাবে আৰক্ষীয়ে বিহিলে জৰিমনা, তাৰ পিছত যুৱকে কৰিলে এই কাণ্ড

    ইয়াকে লৈ ছচিয়েল মিডিয়াত কিছুমানে বাইক আৰোহীজনক সহানুভুতি দেখুওৱাৰ লগতে যান-বাহন আইনৰ অধীনত বিহা জৰিমনাকো সমালোচনা কৰে। আনহাতে কিছুমানে আকৌ যান-বাহন আৰক্ষীৰ এয়া কৰ্তব্য বুলিও কয়

    উত্তৰ প্ৰদেশৰ মেৰটৰ এজন যুৱকৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। হেলমেট পৰিধান নকৰাকৈ বাইক চলোৱাৰ বাবে যান-বাহন আৰক্ষীয়ে জৰিমনা বিহিছিল। আৰক্ষীয়ে জৰিমনা বিহাৰ পিছতেই যুৱকজনৰ আৰম্ভ হৈছিল হাইভল্টেজ ড্ৰামা।

    প্ৰথমে নিজৰ বাইকখন নিজেই বগৰাই বগৰাই ভাঙিলে আৰু তাৰ পিছত বাইকৰ ওপৰতে বহি হুকহুকাই কান্দিব ধৰে। এই সম্পূৰ্ণ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। টুইটাৰত এগৰাকী সাংবাদিকে শ্বেয়াৰ কৰিছে মেৰটৰ বেগম ব্ৰীজত সংঘটিত হোৱা এই ঘটনাটোৰ।

    চাওক VIDEO

    ভিডিঅ’টোত দেখা পোৱা গৈছে যে এফালে এজন যুৱকক আৰক্ষীয়ে বিহিছে জৰিমনা আৰু আনফালে সেই যুৱকজনে বাইকখন ভাঙিবলৈ কৰিছে চেষ্টা। বাহনখন ভাঙিবলৈ চেষ্টা চলাই অৱশেষত ভাগৰি বহি পৰে বাইকত আৰু আৰম্ভ কৰে কান্দিবলৈ।

    ভিডিঅ’টোত দেখা পোৱা গৈছে যে এফালে এজন যুৱকক আৰক্ষীয়ে বিহিছে জৰিমনা আৰু আনফালে সেই যুৱকজনে বাইকখন ভাঙিবলৈ কৰিছে চেষ্টা। বাহনখন ভাঙিবলৈ চেষ্টা চলাই অৱশেষত ভাগৰি বহি পৰে বাইকত আৰু আৰম্ভ কৰে কান্দিবলৈ। এগৰাকী যান-বাহন আৰক্ষীয়ে কান্দি থকা যুৱকজনক সান্ত্বনা দিবলৈও চেষ্টা কৰে।

    ইয়াকে লৈ ছচিয়েল মিডিয়াত কিছুমানে বাইক আৰোহীজনক সহানুভুতি দেখুওৱাৰ লগতে যান-বাহন আইনৰ অধীনত বিহা জৰিমনাকো সমালোচনা কৰে। আনহাতে কিছুমানে আকৌ যান-বাহন আৰক্ষীৰ এয়া কৰ্তব্য বুলিও কয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং