27 C
Guwahati
Monday, November 29, 2021
More

    শিৱসাগৰৰ দিখৌ নদীত অচিনাক্ত উৱলি যোৱা মৃতদেহ উদ্ধাৰ

    শিৱসাগৰ নগৰৰ দিখৌ নদীত উদ্ধাৰ হৈছে এটা উৱলি যোৱা অচিনাক্ত মৃতদেহ। শিৱসাগৰ নগৰৰ দিখৌ নদীত উৱলি যোৱা মৃতদেহ প্ৰতক্ষ্য কৰে ৰাইজে।

    শিৱসাগৰ নগৰৰ ফুকন নগৰৰ সমীপেদি বৈ যোৱা দিখৌ নদীত উটি গৈছে এক পৰুষৰ মৃতদেহ।

    ভটিয়নি দিশৰ পৰা উটি অহা মৃতদেহটো প্ৰথম মেটেঙা বাঁহৰ দলঙৰ তলত পুৱা প্ৰতক্ষ্য কৰে ৰাইজে। দলঙত লাগি কিছু সময় ৰৈ থকাৰ পাছত পুনৰ উটি যাব ধৰে নগৰৰ পকা দলঙৰ দিশে।

    ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰিয়েই খবৰ দিয়ে শিৱসাগৰ আৰক্ষীক। খবৰ পাইয়ে ঘটনাস্থলীত উপস্থিত হয় শিৱসাগৰ আৰক্ষী।

    আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

    নীলা জীনছ পৰিহিত মৃতদেহ দেহটোত আঘাতৰ চিন পৰিলক্ষিত হৈছে। আৰক্ষীয়ে উটি অহা মৃতদেহটো উদ্ধাৰ কৰিলে হয়তো জানিব পৰা যাব মৃতকৰ পৰিচয়।

    Photo Credit: @sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং