19 C
Guwahati
Tuesday, December 7, 2021
More

    সৰ্থেবাৰীৰ এটা পুখুৰীত ৩ দিনে সন্ধানহীন হৈ থকা যুৱকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

    মৃতদেহ উদ্ধাৰৰ পিছতে পৰিচয় চিনাক্ত হয় যুৱতজনৰ, যোৱা তিনিদিনে সন্ধানহীন হৈ আছিল সৰ্থেবাৰীৰে প্ৰয়াত শশী দাসৰ পুত্ৰ ধনজিৎ দাস

    বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নতুন বজাৰৰ এটি পুখুৰীত উপঙি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ। তিনিদিন ধৰি সন্ধানহীন হৈ আছিল মৃতদেহ উদ্ধাৰ হোৱা যুৱকজন।

    মৃতদেহ উদ্ধাৰৰ পিছতে পৰিচয় চিনাক্ত হয় যুৱতজনৰ। যোৱা তিনিদিনে সন্ধানহীন হৈ আছিল সৰ্থেবাৰীৰে প্ৰয়াত শশী দাসৰ পুত্ৰ ধনজিৎ দাস।

    ৪৭ বৰ্ষীয় ধজিৎ দাসৃৰ মৃতদেহ আজি নতুন বজাৰৰ ওচৰৰ তেওঁৰ নিজা বাসভৱনৰ পিছফালেই থকা বটৰ কাষৰ এটা পুখুৰীত ওপঙি উঠে।

    উৱলি উঠা মৃতদেহটো প্ৰত্যক্ষ কৰে এজন স্থানীয় লোকে।

    মৃতদেহ উদ্ধাৰৰ পিছত পৰিয়ালৰ লোকে সেয়া ধনজিৎ দাসৰে মৃতদেহ বুলি নিশ্চিত কৰে।

    উল্লেখ্য যে দীৰ্ঘদিন ধৰি প্ৰয়াত ধনজিৎ দাসে পাৰিবাৰিক সংঘাতৰ ফলত অকলশৰীয়াকৈ জীৱন অতিবাহিত কৰি আহিছিল।

    তেওঁৰ মৃতদেহ এনেদৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    এয়া প্ৰকৃততে হত্যা নে আত্মত্যা নে দুৰ্ঘটনা! যদি হত্যা গয় কোনে আৰু কি কাৰণে হত্যা কৰিলে ধনজিতক আৰু যদি এয়া আত্মহননৰ ঘটনা তেন্ত কিয় কৰিলে তেওঁ নিজৰ জীৱন শেষ।

    আনহাতে ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ চিনাক্ত কৰি মৰণোত্তৰ পৰিক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

    মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব প্ৰকৃততে হৈছিল কি।

    Photo Credit:@maidulislam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং