ৰিপাব্লিক টেলিভিছনৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক কংগ্ৰেছৰ লোকে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।কৰ্তব্য সমাপন কৰি ঘৰলৈ উভতাৰ পথত কালি নিশা অৰ্ণৱ গোস্বামীৰ গাড়ী ৰখাই মটৰ চাইকেলত অহা দুজন যুৱকে অৰ্ণৱ গোস্বামীৰ লগতে তেওঁৰ পত্নীকো আক্ৰমণ কৰে। সমগ্ৰ ঘটনাৰ বিৱৰণ দি অৰ্ণৱ গোস্বামীয়ে ইতিমধ্যে ৰিপাব্লিক পেজত এটা ভিডিঅ’ পোষ্ট কৰিছে।
উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত দুজন হিন্দু সন্ন্যাসী উন্মত্ত লোকৰ দলবদ্ধ আক্ৰমণত নিহত হোৱাৰ পিছতো ছোনিয়া গান্ধী কিয় মনে মনে আছে বুলি প্ৰশ্ন কৰিছিল অৰ্ণৱ গোস্বামীয়ে।
অৰ্ণৱ গোস্বামীয়ে তেওঁৰ শ্ব’ত এজন কংগ্ৰেছী জ্যেষ্ঠ নেতাক উদ্দেশ্যি কৈছিল “আপোনালোকৰ দলৰ ৰোমৰ পৰা অহা ইটালীয়ান ছোনিয়া গান্ধী কিয় মনে মনে আছে। মোৰ অনুভৱ হৈছে হিন্দু সন্ন্যাসী হত্যা হোৱাত তেওঁ মনে মনে আনন্দিত। তেওঁ ইটালীত ৰিপোৰ্ট দিব চাওক য’ত আমাৰ চৰকাৰ হৈছে তাতে আমি হিন্দু সন্ন্যাসীক হত্যা কৰাইছো।”
এই মন্তব্যৰ পিছতেই গোস্বামীৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছিল কংগ্ৰেছী নেতা-কৰ্মীসকল। আনহাতে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ দাবী জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। চৰকাৰৰ ওচৰত এই দাবী ৰিপুণ বৰাৰ।“অৰ্ণৱ গোস্বামীয়ে উদ্দেশ্যেপ্ৰণোদিতভাৱে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানীৰ মানহানি কৰাৰ লগতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব চেষ্টা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনালোঁ,” নিজৰ ফেচবুক পেইজত এইদৰে লিখে ৰিপুণ বৰাই।
অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিব প্ৰদেশ কংগ্ৰেছে। সকলো ৰাজ্যতে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে কংগ্ৰেছে গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
Photo Credit:exchange4media