27 C
Guwahati
Wednesday, October 13, 2021
More

    Breaking: মাজুলীত প্ৰতিক্ৰিয়া; জাতীয় পতাকাক সন্মান প্ৰদৰ্শন নকৰিলে উপায়ুক্তই

    মাজুলীৰ অতিৰিক্ত উপায়ুক্ত নৰেন দাসেও নজলালে জাতীয় পতাকাক সন্মান

    সমগ্ৰ দেশৰ লগতে মাজুলীতো আজি উদযাপন কৰা হৈছে ৭১ সংখ্যক গণৰাজ‍্য দিৱস। মাজুলীত মাজুলী প্ৰশাসনৰ। জাতীয় পতাকাক স-সন্মানেৰে চেল্যুট নজনোৱাকৈয়ে উত্তোলন কৰিলে উপায়ুক্ত বিক্ৰম কৈৰীয়ে।

    মাজুলী কাছাৰী ময়দানত জিলা প্ৰশাসনে আয়োজন গণৰাজ‍্য দিৱসত উত্তোলক হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত বিক্ৰম কৈৰী।

    কিন্তু পতাকা উত্তোলনৰ সময়ত কোনো অভিবাদন নিদিলে মাজুলী উপায়ুক্ত বিক্ৰম কৈৰী আৰু অতিৰিক্ত উপায়ুক্ত নৰেন দাসে। এই কথাক লৈ মাজুলীৰ সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উপায়ুক্তগৰাকীৰ এনে ভূমিকাত মাজুলীৰ মুক্তিযোদ্ধাসকল ক্ষুণ্ণ হোৱাৰ লগতে দুখ প্ৰকাশ কৰে।

    Photo Credit:@kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং