নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কৰা বিৰোধিতাৰ সময়ত চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন কৰাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰতিবাদৰ সময়ত যিসকল প্ৰতিবাদকাৰীয়ে চৰকাৰী সম্পত্তিৰ ক্ষতি কৰিছে সেইসকলক জৰিমনাৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সেইসকলৰ বিৰুদ্ধে শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰি জৰিমনা বিহাৰ নিৰ্দেশ প্ৰদান কৰিছে। সূত্ৰ অনুসৰি, মঙলবাৰে আইনী ব্যৱস্থাক লৈ অনুষ্ঠিত হোৱা বৈঠকত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰতিগৰাকী ডিএম আৰু আৰক্ষী বিষয়াক নিৰ্দেশনা দিছে যে দোষী প্ৰতিবাদকাৰীসকলৰ পৰা অতি শীঘ্ৰে জৰিমনা বিহা হওক।
হিংসাত্মক প্ৰতিবাদ কৰি চৰকাৰী সম্পত্তি ক্ষতি কৰা প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে যদি কোনো বিষয়াই বুজাবুজি কৰে সেই বিষয়াৰ বিৰুদ্ধেও উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশৰ যিকেইখন জিলাত প্ৰতিবাদৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন হৈছিল। সেই বেছিভাগ জিলাসমূহত জাননী প্ৰেৰণ কৰাৰ পিছতো জৰিমনা সংগ্ৰহ কৰাৰ কোনোধৰণৰ অভিযান আৰম্ভ কৰা হোৱা নাই আৰু ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।
CAA বিৰোধিতা প্ৰদৰ্শনৰ সময়ত লক্ষ্ণৌত যিসমূহ চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন হৈছিল সেই সন্দৰ্ভত ১৫০জন লোকক জাননী প্ৰেৰণ কৰা হৈছিল। কিন্তু বৰ্তমানলৈ কোনো এজন লোকে বিহা নাই জৰিমনা। উত্তৰ প্ৰদেশৰ আটাইকেইখন চহৰৰে এই অৱস্থা। উত্তৰ প্ৰদেশত ২০০০তকৈও অধিক লোকক জাননী প্ৰেৰণ কৰা হৈছিল।
লক্ষ্ণৌত চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন কৰা সকললৈ ৩ বাৰকৈ জাননী প্ৰেৰণ কৰা হৈছে। কিন্তু কোনেও এই জাননীৰ উত্তৰ প্ৰেৰণ কৰা নাই। এজন জ্যোষ্ঠ বিষয়াই জনোৱা অনুসৰি তৃতীয়খন জাননীৰ সময়সীমা সামপ্ত হোৱাৰ পিছত আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব। লক্ষ্ণৌত প্ৰায় ৪.৫৫ কোটি আৰু ৰামপুৰত ১৪.৮৬ লাখ টকাৰ চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন হৈছে।
Photo credit: navbharattimes.indiatimes.com