14 C
Guwahati
Sunday, January 23, 2022
More

    RBIৰ গৱৰ্নৰ শক্তিকান্ত দাসৰ সংবাদমেল, বিপদৰ সময়ত দেশবাসীৰ লগত আছে RBI

    তিনিমাহৰ বাবে ই এম আই ৰেহাই দিয়াৰ আদেশ

    কৰ’ণাৰ বাবে সমগ্ৰ বিশ্বতে পৰিলক্ষিত হৈছে অৰ্থনৈতিক বিপৰ্যয়৷ ভাৰতেও হেৰুৱাব লগা হৈছে কোটি কোটি টকা এই বিপৰ্যয়ৰ বাবে৷ জীৱনৰ মূল্যই টকাৰ যেন মূল্যই নহোৱা কৰি পেলাইছে এই ভাইৰাছৰ আগত৷ সেয়ে আজি ২৭ মাৰ্চ ২০২০ তাৰিখে এক সংবাদমেলৰ আয়োজন কৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে৷ এই সংবাদমেলত ভাষ্য আগবঢ়াই ৰিজাৰ্ভ বেংকেৰ গৱৰ্ণৰ শক্তিকান্ত দাসে৷

    সংবাদমেলত শক্তিকান্ত দাসে বহু গুৰুত্বপূৰ্ণ কথা সদৰি কৰে৷ আৰ বি আইয়ে এই সংকটৰ সময়ত লৈ আছে কেইবাটাও বৃহৎ পদক্ষেপ৷ ৰেপ’ ৰেট ৭৫ বেছিছ পইন্টলৈ হ্ৰাস৷ ফলত হ্ৰাস পাব ই এম আই। লগতে হ্ৰাস পাব সুতৰ হাৰ। সকলোতকৈ গুৰুত্বপূৰ্ণ তিনিমাহৰ বাবে ই এম আই ৰেহাই দিয়াৰ আদেশ৷তিনিমাহলৈ ইএমআই দিব নাই নোৱাৰিলে কোনো জৰিমনা৷

    ইয়াৰে ৰেপ’ ৰেট কমিলে জনসাধাৰণে লোৱা লোণৰ সূতৰ ৰেট কমে। ৰিভাৰ্ছ ৰেপ’ ৰেট কমিলে বেংকে আৰবিআইৰ পৰা লোৱা মূলধনৰ সূতৰ হাৰ কমে। যাৰ ফলত গ্ৰাহকৰ লাভ হয়। আনহাতে এই সকলো সিদ্ধানতৰ ফলত ঋণ লোৱা সকলে পালে সকাহ৷ হোম লোণ, কাৰ লোণ আদিৰ ইএমআই কমিব৷

    Photo Credit:Livemint.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং