18 C
Guwahati
Friday, January 14, 2022
More

    ৰিজাৰ্ভ বেংকে ৩ মাহলৈ বৃদ্ধি কৰিলে EMIৰ সময়সীমা

    বেংকক এতিয়া কম সূদতে ৰিজাৰ্ভ বেংকে দিব লোন

    নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ আৰ্থিক পেকেজক লৈ আজি আৰ বি আইৰ গৱৰ্নৰে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদ মেলত আৰ বি আইৰ গৱৰ্নৰ শক্তিকান্ত দাসে ৰাইজলৈ আনে কিছু বিশেষ ৰেহাইৰ ঘোষণা।

    আৰ বি আইৰ গৱৰ্নৰগৰাকীয়ে এক প্ৰেছ কনফাৰেন্সৰ জৰিয়তে সাধাৰণ লোকক এই সকাহ প্ৰদান কৰে। ৩ মাহলৈ আৰু বৃদ্ধি পালে মৰেটৰিয়াম। অৰ্থাৎ EMI দিয়াৰ সময়সীমা বৃদ্ধি কৰিছে। EMIৰ সূদ দিয়াৰ বাবে এই সময়সীমা বৃদ্ধি। ৩১ আগষ্ট ২০২০লৈকে বৃদ্ধি কৰা হৈছে সময়সীমা।

    ৬ মাহৰ বাবে EMI দিয়াৰ ক্ষেত্ৰত সময়সীমা বৃদ্ধি। ৬ মাহৰ বাবে দিবলগীয়া EMIৰ সূদ লোণ হিচাপে পৰিশোধ কৰিব লাগিব। মূলধন আৰু সূদ মিলাই দিবলগীয়া ধনৰ ওপৰত আৰু দিব লাগিব সূদ।

    আনহাতে ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত। ৰেপো ৰেটত ০.৪০শতাংশ হ্ৰাস কৰিলে ৰিজাৰ্ভ বেংকে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মাৰ্চ মাহতো ৰেপো ৰেট ০.৭৫শতাংশ কৰ্তন কৰা হৈছিল। ইয়াৰ দ্বাৰা সাধাৰণ লোকৰ ইএমআই কম হ’ব। বেংকক এতিয়া কম সূদতে ৰিজাৰ্ভ বেংকে দিব লোন। লগতে RBI–এ ৰিভাৰ্চ ৰেপো ৰেট ৩.৭৫ শতাংশ হ্ৰাস কৰি ৩.৩৫ শতাংশ কৰিছে।

    শক্তিকান্ত দাসে কয় যে, মূল্যবৃদ্ধি এতিয়াও ৪শতাংশৰ তলত থকাৰ সম্ভাৱনা। কিন্তু লকডাউনৰ কাৰণে বহু সামগ্ৰীৰ মূল্যবৃদ্ধি হ’ব পাৰে। উৎপাদন ক্ষেত্ৰত ২১শতাংশ অৱনমিত হৈছে দেশত। দাইলৰ দাম বৃদ্ধি ইয়াৰ চিন্তাৰ কাৰণ। অৱশ্যে ভাল বতৰে আশাৰ ৰেঙণি আনিব পাৰে। বৰ্দ্ধিত দাম হ্ৰাস পোৱাৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰিছে RBIয়ে।

    Photo credit: Amar Ujala

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং