21 C
Guwahati
Thursday, December 8, 2022
More

    বাক্সাত ব্যাপক হাৰত বিক্ৰী এন্দুৰৰ মাংস; কৰ’ণা ভাইৰাছৰ আতংকত আতংকিত একাংশ

    এন্দুৰৰ মাংস খোৱাৰ পিছত কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা মুছলপুৰ অসামৰিক চিকিৎসালয়ৰ ডা০ মোহন চন্দ্ৰ বড়োৰ

    চীনত আতংক সৃষ্টি কৰা কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বকে ভীতিগ্ৰস্ত কৰি তুলিছে ৷ চীনত এতিয়ালৈকে এই ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৮১১জন। কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত চীনে আমেৰিকাৰ সাহায্য বিচাৰিছে ৷ কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে আমাৰ দেশত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰেও কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ চীনত বনৰীয়া জীৱ-জন্তু বজাৰৰ পৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বিয়পিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতো বাক্সা জিলাৰ সাপ্তাহিক বজাৰত ব্যাপক হাৰত বিক্ৰী হৈ আছে বনৰীয়া এন্দুৰ ৷

    পথাৰত ফান্দ পাতি একাংশ লোকে এই এন্দুৰ ধৰি আনি বাক্সাৰ মুছলপুৰকে ধৰি ডুমুনী, কুমাৰীকাটা,নৱস্তি আদিৰ বজাৰত বিক্ৰী কৰি আহিছে ৷ প্ৰতি কিলোত ২০০ টকা দৰত বিক্ৰী হৈ থকা এই এন্দুৰৰ মাংস খোৱাৰ পাছত কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে বুলি মুছলপুৰ অসামৰিক চিকিৎসালয়ৰ কৰ’ণা ভাইৰাছ চেলৰ দায়িত্বপ্ৰাপ্ত চিকিৎসক ডা০ মোহন চন্দ্ৰ বড়োয়ে আশংকা প্ৰকাশ কৰিছে আৰু ৰাইজক সদ্যহতে এন্দুৰৰ লগতে আন বনৰীয়া জীৱ-জন্তু খাদ্য হিচাপে গ্ৰহণ নকৰিবলৈ আহ্বান জনাইছে ৷ এন্দুৰৰ মাংসত কৰ’ণা ভাইৰাছ আহিব পাৰে বুলি আতংকিত হৈ পৰিছে একাংশ।

    Photo Credit: britannica.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং